Chilarai (biswa mahabir chilarai)

বিশ্ব মহাবীৰ চিলাৰায়

The greatest worrier who never lose a battle



এগৰাকী বাঘা ইতিহাসবিদ আছিল। বিশ্বৰ অন্যতম সেৰা ইতিহাস বিদ। নাম আৰনল্ড টোৱেনবি। ব্ৰিটিছৰ লগত ভাৰতলৈ আহিছিল ভাৰতৰ ইতিহাস লিখিবলৈ। তেঁৱেই চিলাৰায় আৰু ছত্ৰপতি শিৱাজীৰ কথা বিশ্বদৰবাৰত অৱগত কৰোৱাইছিল। তেৱেঁই নেপোলিয়ন বোনাপাৰ্টৰ পুংখানুপুংখ ইতিহাস লিখিছিল। তেওঁ বিশ্বৰ বীৰ সমুহৰ ওপৰত পুংখানুপুংখ অধ্যয়ণ কৰি, তেওঁলোকৰ বীৰত্ব, পৰাক্ৰম, মহানুভৱিতা , মানৱীয় গুন, ৰাষ্ট্ৰনীতি, প্ৰজাবৎসল ভাৱ এইবোৰ চালি জাৰি চাই তিনিগৰাকী বীৰক বিশ্বশ্ৰেষ্ট আখ্যা দিলে। আৰু এই মতক বিশ্বৰ বাকী ইতিহাসবিদ সকলেও মানি ললে। সময়ানুক্ৰমে- চিলাৰায়, ছত্ৰপতি শিৱাজী আৰু নেপলিয়ন বোনাপাৰ্ট।




প্ৰশ্ন আহা নাই মহামতী অশোক, সম্ৰাট আকবৰ, আলেক্সেণ্ডাৰ দ্য গ্ৰেট, এওলোক কলৈ গল? এই প্ৰশ্নৰ উত্তৰ টোৱেনবিৰ লিখনিত পাব। আমাৰ এই আপডেটৰ মূল ভাষ্য চিলাৰায়।

চিলাৰায় এগৰাকী এনেকুৱা যোদ্ধা আছিল, যিয়ে ৰাজ্য জয় কৰাৰ লগতে মানুহৰ হৃদয়ো জয় কৰিছিল। কোচ জনগোষ্টীক কোচ ৰাজবংশী জাতিত পৰিণত কৰিছিল। কোচ ৰাজ্যক কোচ ৰাষ্ট্ৰলৈ পৰিণত কৰিছিল। সেয়ে কোচ এটা জাতি। সেয়ে কয় কোচ ৰাষ্ট্ৰ। সেয়ে চিলাৰায় কোচ ৰাষ্ট্ৰৰ দোৱান। নৰনাৰায়ণ সম্ৰাট। কিন্তু ইতিহাস আমি ভালদৰে পঢ়োনে? ইয়াণ্ডাবু সন্ধিৰ ওপৰলৈ গৈ পাইছোনে? কেতিয়াবা পঢ়ি পালেও কোচ দেশক SKIP মাৰি চিধায় মোগল সাম্ৰাজ্যৰ কথা নপঢ়োনে?



চিলাৰায়ৰ দুৰদৰ্শিতা কিমান আছিল জানিবলৈ শংকৰ যুগৰ লিখনিবোৰ পঢ়ক। তেতিয়াৰ দিনৰ পৰা মুখ বাগৰি চলি অহা আখ্যান বোৰ শুনক। কামতা ৰাজ্যৰ বিস্তাৰৰ সময়ত মূলত তেওঁৰ দূৰদৰ্শিতা আৰু ব্যক্তিত্বত আকৰ্ষিত হৈয়েই বোধহয় আন আন জনগোষ্টীয়ে বিপুল পৰিমানে কোচ জাতিত অন্তৰ্ভুক্ত হৈছিল। এটা ধৰ্মৰ পৰা আন এটা ধৰ্মলৈ Convert হোৱাৰ প্ৰচলন আপোনালোকে দেখিছে। কিন্তু এটা জনগোষ্টীৰ পৰা আন এটা জনগোষ্টীলৈ কনভাৰ্টৰ ইতিহাস শুনিছে? আহক শুনো মধ্য অসমত প্ৰচলিত "মণি কোঁৱৰৰ আখ্যান"-এ কি কয়-

"কোচ কচাৰী মিকিৰ লালুং চাৰি জাতি,
ইসৱ কোচেৰ শাখা জানিবা সম্প্ৰতি"

মণি কোঁৱৰৰ আখ্যানত আৰু কৈছে-

"মহাৰাজ বীৰ আৰিমত্ত কোচেৰ সন্তান,
তাৰ পুত্ৰ এক জোঙাল বলহু নামে গড়"

তিৱা বীৰ জোঙাল বলহুক ইতিহাসবিদ সকলে কোচ জাতিৰ পৰা উলিয়াই আনি তিৱা জনগোষ্টীৰ বীৰ বুলি ঠাৱে ঠাৱে লিখি থলে। ফলত পৰিসৰ সৰু হৈ নপৰিল নে? ঠিক যেনেকৈ লাচিত বৰফুকণক যদি অসমৰ নহয় অকল আহোমৰ বীৰ কঁও? যদি শিৱাজীক অকল মাৰাঠাৰ? ঠিক তেনেকৈৱে আজি কেতবোৰ So Called ইতিহাসবিদ, লিখক, বুদ্ধিজীৱিৰ ৰাজনৈতিক ফন্দিৰ বলি হৈ চিলাৰায়ো অকল কোচ জনগোষ্টীৰ বীৰ হৈ ৰৈ গল। লিখোতে তো ঠিকেই লিখা হয় - আমি লাচিত-চিলাৰায়ৰ দেশৰ মানুহ। বাস্তৱ ক্ষেত্ৰত চিলাৰায় কত পৰি আছে? দায়িত্ব কি অকল কোচ ৰাজবংশীৰ? নে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ? নে চিলাৰায়ৰ ভূখণ্ডত বাস কৰি থকা সকলো খিলঞ্জীয়াৰ?

সাম্প্ৰতিক সময়ত আহি কিছুমান কথা জলজল পটপটকৈ পৰিস্কাৰ হৈ পৰিছে। যে জঙাল বলহুক অকল তিৱাই পূজিলে পূজিব আনৰ ঠেকা নাই, লাচিতক অকল আহোমে পূজিলে পূজিব আনৰ ঠেকা নাই, চিলাৰায়ক অকল কোচ ৰাজবংশীয়ে পূজিলে পূজিব আনৰ ঠেকা নাই। আমাৰ মনৰ এই প্ৰশ্নটোক প্ৰমাণ কৰি দিয়ে এটা ঘটনাই। সেয়াও চিলাৰায় দিৱসৰে ঘটনা। গুৱাহাটীৰ আমিনগাওঁত চিলাৰায় প্ৰতিমূৰ্তিটো উদ্ভধন কৰাৰ দিনা (চনটো পাহৰিছোঁ) হাজাৰ হাজাৰ ৰাইজ (অৱশ্যেই কোচ ৰাজবংশী) সমাগম হোৱাৰ যো-জা চলিছিল। কি বা এটা কথাত নতুনকৈ জন্ম লোৱা সদৌ অসম ছাত্ৰ সন্থা (AASU) য়ে দিলে নহয় কটকটিয়া অসম বন্ধ। বন্ধটো আগদিনাও দিব পাৰিলেঁহেতেন। পিছদিনাও পাৰিলেহেঁতেন। কিন্তু চিলাৰায় দিৱস আমিনগাওঁত আছে, ভাৰতবৰ্ষত প্ৰথমটো চিলাৰায় মূৰ্তি স্থাপন হবলৈ গৈ আছে জানিও বন্ধ কিয়? লাচিত দিবসৰ দিনা বজৰংগ দলে অসম বন্ধ দিলে ভাল লাগিব? কথাটো তেনেকুৱাই। অৱশ্যে তাৰ ফলস্বৰূপে কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ পৰা AASUৰ ভিত্তি একদম কমি গৈছিল। AASUয়ে চিলাৰায়ৰ পৰা একো নিশিকিলে। সেয়ে চাগে আজি জাতি-মাটি-ভেটিৰ দুচিন্তা।



অসম চৰকাৰৰো একো মনকাণ নাছিল চিলাৰায় বা তেওঁৰ আদৰ্শৰ প্ৰতি। সকলোৱে জানে মাত্ৰ ১০ বছৰৰ বেছি হোৱা নাই চিলাৰায় দিৱসৰ দিনা চৰকাৰী ছুটি বা বন্ধ ঘোষণা কৰি। তাকো বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত। যি সময়ত বিভিন্ন আতৈ সমুহৰ নামত চৰকাৰী বন্ধ চলি আছিল সেই সময়ত চিলাৰায় দিৱসৰ চৰকাৰী বন্ধ নাই? সেই চিলাৰায়ৰ? যিয়ে শংকৰদেৱক কোচ বিহাৰত জাগা নিদিয়া হলে শংকৰদেৱ গৈ কোনোবা পুৰী-বৃন্দাবনত একশৰণ নামধৰ্মৰ প্ৰচাৰ চলাবলগীয়া হলহেঁতেন।

চৰকাৰ এতিয়াও উদাসীন। শংকৰদেৱৰ নামত কলাক্ষেত্ৰ হল- তাত চিলাৰায়ৰ মূৰ্তি বা স্মৃতিৰ নামত একো নাই। খালি বছৰৰ মূৰত মুখ্যমন্ত্ৰীয়ে আমিনগাওত আহি এদিন চিলাৰায়ৰ মূৰ্তিত মালা পিন্ধালেই- হেইল চিলাৰায়। অহ আৰু তো আছেই- আমিনগাওঁৰ সেই ঠাইডোখৰ- যত মূৰ্তিটো আছে। তাত আছিল আৰক্ষী চকী। ভঙা চিঙা মটৰ। চিলাৰায়ৰ গাত কাউৰীৰ বিষ্টা। এদিন তাৰ তলত ৰৈ ৰৈ চকুলো ওলাই গৈছিল আমাৰ- ২০১৫ চনৰ কথা।

অসমৰ খিলঞ্জীয়া বুলি ভৱা সকলোৱেই চিলাৰায়ক মনত ৰখা উচিত। চিলাৰায়ৰ আদৰ্শৰে আগুৱাই যোৱা উচিত। কোচ জাতিৰ সকলো সংগঠনৰো দৰকাৰ আছে চিলাৰায়ৰ আদৰ্শেৰে জাতিটোক আগুৱাই লৈ যোৱাৰ।

সকলোৱে মনত ৰখা উচিত- কামৰূপ দেশৰ অন্তিম একছত্ৰী সম্ৰাট আছিল নৰনাৰায়ণ। আৰু মাষ্টাৰ মাইণ্ড আছিল চিলাৰায়। যিসকলে একালত বৰ অসমৰ সপোন দেখিছিল, সেই বৰ অসম খনৰ প্ৰেকটিকেল শাসক আছিল নৰনাৰায়ণ-চিলাৰায়। দেশ খনৰ নাম আছিল কামৰূপ-কামতা। পিছলৈ যাক কোৱা হৈছিল কোচ সাম্ৰাজ্য।  চিলাৰায়ৰ দেশ খনৰ চাৰিসীমা টো ওলপ শুনিব-


বংগৰ কৰোতোৱাৰ পৰা আৰম্ভ কৰি শদিয়ালৈকে, ভুটানৰ পাদদেশ, ৰংপুৰ, মৈমনসিং, গাৰো পাহাৰ, জয়ন্তীয়া, নেপালৰ নামনি অংশৰ ঝাপা, মৰং, বিহাৰৰ পুৰ্ণীয়া জিলা, শ্ৰীহট্ট, এই বিশাল ভূখণ্ড অধিকাৰ কৰি থৈ গৈছে চিলাৰায়ে। আজি সেই চিলাৰায়ৰ গাত কাউৰীৰ বিষ্টা, জন্মতিথীত কটকটীয়া অসম বন্ধ। আৰু পাঠ্যপুথীত চিলাৰায়ৰ পুতৌলগা অৱস্থা নকলোৱেইবা।

জয় জয়‌ মহান কমতা
জয় জয় বিশ্ব মহাবীৰ চিলাৰায়

Comments

Popular posts from this blog

Lets know about koch rajbongshi and koch dynasty