Posts

Showing posts from February, 2020

Chilarai (biswa mahabir chilarai)

Image
বিশ্ব মহাবীৰ চিলাৰায় The greatest worrier who never lose a battle এগৰাকী বাঘা ইতিহাসবিদ আছিল। বিশ্বৰ অন্যতম সেৰা ইতিহাস বিদ। নাম আৰনল্ড টোৱেনবি। ব্ৰিটিছৰ লগত ভাৰতলৈ আহিছিল ভাৰতৰ ইতিহাস লিখিবলৈ। তেঁৱেই চিলাৰায় আৰু ছত্ৰপতি শিৱাজীৰ কথা বিশ্বদৰবাৰত অৱগত কৰোৱাইছিল। তেৱেঁই নেপোলিয়ন বোনাপাৰ্টৰ পুংখানুপুংখ ইতিহাস লিখিছিল। তেওঁ বিশ্বৰ বীৰ সমুহৰ ওপৰত পুংখানুপুংখ অধ্যয়ণ কৰি, তেওঁলোকৰ বীৰত্ব, পৰাক্ৰম, মহানুভৱিতা , মানৱীয় গুন, ৰাষ্ট্ৰনীতি, প্ৰজাবৎসল ভাৱ এইবোৰ চালি জাৰি চাই তিনিগৰাকী বীৰক বিশ্বশ্ৰেষ্ট আখ্যা দিলে। আৰু এই মতক বিশ্বৰ বাকী ইতিহাসবিদ সকলেও মানি ললে। সময়ানুক্ৰমে- চিলাৰায়, ছত্ৰপতি শিৱাজী আৰু নেপলিয়ন বোনাপাৰ্ট। প্ৰশ্ন আহা নাই মহামতী অশোক, সম্ৰাট আকবৰ, আলেক্সেণ্ডাৰ দ্য গ্ৰেট, এওলোক কলৈ গল? এই প্ৰশ্নৰ উত্তৰ টোৱেনবিৰ লিখনিত পাব। আমাৰ এই আপডেটৰ মূল ভাষ্য চিলাৰায়। চিলাৰায় এগৰাকী এনেকুৱা যোদ্ধা আছিল, যিয়ে ৰাজ্য জয় কৰাৰ লগতে মানুহৰ হৃদয়ো জয় কৰিছিল। কোচ জনগোষ্টীক কোচ ৰাজবংশী জাতিত পৰিণত কৰিছিল। কোচ ৰাজ্যক কোচ ৰাষ্ট্ৰলৈ পৰিণত কৰিছিল। সেয়ে কোচ এটা জাতি। সেয়ে কয় কোচ ৰাষ্ট্ৰ। সেয়ে